দেওঁকন মেমোৰিয়েল আন্ত: জিলা বিদ্যালয় ফুটবল টুৰ্নামেণ্ট ১৭-অনূর্ধ্ব (ল’ৰা) :

টুৰ্নামেণ্ট সম্পৰ্কে:

প্রতি বছৰ জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পর্যায়ত আন্তঃবিদ্যালয় টুৰ্নামেণ্ট আয়োজন কৰা হয়।

জিলাভিত্তিত চেম্পিয়ন হোৱা বিদ্যালয়ৰ দলবোৰে ৰাজ্যিক স্তৰত জিলাৰ প্ৰতিনিধিত্ব কৰে। ৰাজ্যিক চেম্পিয়ন দলে, নতুন দিল্লীৰ ১৭- বছৰৰ অনূর্ধ্ব ল’ৰাৰ অধীনত অনুষ্ঠিত সুব্ৰত মুখাৰ্জী আন্তৰ্জাতিক ফুটবল কাপ টুৰ্নামেণ্টত ৰাজ্যক প্রতিনিধিত্ব কৰে।

যোগ্যতাৰ মাপদণ্ড:

দশম শ্রেণী পৰ্যন্ত ৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৭ বছৰ অনূর্ধ্বৰ ল’ৰাৰ বাবে

অধিক তথ্যৰ বাবে:

জিলা পর্যায়ৰ বাবে - সম্পৰ্কীয় জিলা ক্রীড়া কাৰ্য্যালয়ত যোগাযোগ কৰক।
ৰাজ্যিক পর্যায়ৰ বাবে - অসমৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক।

 

পিলিক চৌধুৰী ফুটবল টুর্নামেন্ট ১৪ বছৰৰ অনূর্ধ্ব ল’ৰাৰ বাবে

টুর্নামেন্ট সম্পর্কে:

আন্তঃ বিদ্যালয় টুর্নামেন্ট প্রতি বছৰ জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা হয়।
জিলাভিত্তিত চেম্পিয়ন হোৱা দলবোৰে ৰাজ্যিক পর্যায়ত জিলাৰ প্রতিনিধিত্ব কৰে।

ৰাজ্যিক চেম্পিয়ন দলে, নতুন দিল্লীত ১৪-বছৰৰ অনূর্ধ্ব (ল’ৰা) সুব্রত মুখার্জী আন্তর্জাতিক ফুটবল কাপ টুর্নামেন্টত ৰাজ্যক প্রতিনিধিত্ব কৰে।

যোগ্যতাৰ মাপদণ্ড:

অষ্টম শ্রেণী পৰ্যন্ত ৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৪ বছৰ অনূর্ধ্বৰ বাবে

অধিক তথ্যৰ বাবে:

জিলা স্তৰৰ বাবে - সম্পর্কীয় জিলা ক্রীড়া কাৰ্য্যালয়ত যোগাযোগ কৰক।
ৰাজ্যিক স্তৰৰ বাবে - অসমৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক।

 

আন্তঃজিলা ফুটবল টুর্নামেন্ট ১৭- অনূর্ধ্ব (ছোৱালী)

টুর্নামেন্ট সম্পর্কে:

আন্তঃ বিদ্যালয় টুর্নামেন্ট প্রতি বছৰ জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক ভিত্তিত আয়োজন কৰা হয়।
জিলাভিত্তিত চেম্পিয়ন হোৱা দলবোৰে ৰাজ্যিক পর্যায়ত জিলাৰ প্রতিনিধিত্ব কৰে।

ৰাজ্যিক চেম্পিয়ন দলসমূহে নতুন দিল্লীত সুব্রত মুখার্জী আন্তৰ্জাতিক ফুটবল কাপ টুর্নামেন্টত ৰাজ্যক প্রতিনিধিত্ব কৰে।

যোগ্যতাৰ মাপদণ্ড:

দশম শ্রেণী পৰ্যন্ত ৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৭ বছৰ অনূর্ধ্বৰ ছোৱালীৰ বাবে

অধিক তথ্যৰ বাবে:

জিলা পর্যায়ৰ বাবে - সম্পর্কীয় জিলা ক্রীড়া কাৰ্য্যালয়ত যোগাযোগ কৰক।
ৰাজ্যিক পর্যায়ৰ বাবে - অসমৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক।

 

সুব্ৰত মুখাৰ্জী কাপ আন্তর্জাতিক ফুটবল টুৰ্নামেণ্ট

টুর্নামেন্ট সম্পর্কে:

এই টুর্নামেন্ট প্রতি বছৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহত, নতুন দিল্লীত আয়োজন কৰা হয়।

ৰাজ্যিক স্কুল চেম্পিয়ন দলে নতুন দিল্লীত সুব্রত মুখার্জী কাপ আন্তর্জাতিক ফুটবল টুর্নামেন্টত ৰাজ্যক প্রতিনিধিত্ব কৰে।

যোগ্যতাৰ মানদণ্ড:

অষ্টম শ্রেণী পৰ্যন্ত ৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৪ বছৰ অনূর্ধ্বৰ ল’ৰাৰ বাবে
দশম শ্রেণী পৰ্যন্ত ৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৭ বছৰ অনূর্ধ্বৰ ল’ৰা-ছোৱালীৰ বাবে

অধিক তথ্যৰ বাবে:

ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত, অসমত যোগাযোগ কৰক।

 

ইন্দু হাজৰিকা আন্ত:জিলা ফুটবল টুর্নামেন্ট ১৯-অনূর্ধ্ব (ল’ৰা)

টুর্নামেন্ট সম্পর্কে:

১৯-অনূর্ধ্ব ল’ৰাৰ আন্ত:জিলা ফুটবল টুর্নামেন্ট ২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা পুনৰুজ্জীৱিত হয়। জিলা ক্রীড়া বিষয়াই টুর্নামেন্টত অংশ লোৱাৰ বাবে জিলা ভিত্তিত দল বাচনি কৰে। ৰাষ্ট্রীয় ক্রীড়া বিদ্যালয়ত অংশ লোৱাৰ বাবে এই টুর্নামেন্টৰ পৰা ৰাজ্যৰ অন্তর্গত ১৯-বছৰৰ অনূর্ধ্ব (ল’ৰা) ৰাজ্যিক স্কুল দল বাচনি কৰা হয়।

যোগ্যতাৰ মাপদণ্ড:

দশম শ্রেণী পৰ্যন্ত ৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৯ বছৰ অনূর্ধ্বৰ ল’ৰাৰ বাবে

অধিক তথ্যৰ বাবে:

জিলা স্তৰৰ বাবে - সম্পর্কীয় জিলা ক্রীড়া কাৰ্য্যালয়ত যোগাযোগ কৰক।
ৰাজ্যিক পর্যায়ৰ বাবে - অসমৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক।

 

আন্তঃজিলা হকী টুর্নামেন্ট ১৭- অনূর্ধ্ব ল’ৰা আৰু ছোৱালীৰ বাবে

টুর্নামেন্ট সম্পর্কে:

এই টুর্নামেন্ট প্রতি বছৰ জানুৱাৰী মাহত জিলা আৰু ৰাজ্যিক ভিত্তিত আয়োজন কৰা হয়। জিলা স্কুল চেম্পিয়ন দলে ৰাজ্যিক স্তৰত জিলাক প্ৰতিনিধিত্ব কৰে।

ৰাজ্যিক স্কুল চেম্পিয়ন দলে প্ৰতি বছৰে ছেপ্তেম্বৰ-অক্টোবৰ মাহত নতুন দিল্লীত জৱাহৰলাল নেহেৰু হকী টুৰ্ণামেন্টত, ৰাজ্যক প্ৰতিনিধত্ব কৰে।

যোগ্যতাৰ মানদণ্ড:

দশম শ্রেণী পৰ্যন্ত ৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৭ বছৰ অনূর্ধ্বৰ ল’ৰা আৰু ছোৱালী বাবে

অধিক তথ্যৰ বাবে:

জিলা পর্যায়ৰ বাবে - সম্পর্কীয় জিলা ক্রীড়া কাৰ্য্যালয়ত যোগাযোগ কৰক।

ৰাজ্যিক পর্যায়ৰ বাবে - অসমৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক।

 

টি. আও ফুটবল টুর্নামেন্ট

টুর্নামেন্ট সম্পর্কে:

এই টুর্নামেন্ট প্রতি বছৰ নৱেম্বৰ-ডিচেম্বৰ মাহত উত্তৰ পূর্বাঞ্চলৰ ৭ খন ৰাজ্যৰ মাজত নৰ্থ-ইষ্ট কাউন্সিলৰ দ্বাৰা আয়োজন কৰা হয়।

ৰাজ্যিক ফুটবল দলে প্ৰতি বছৰে উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যত আয়োজিত হোৱা টি. আও ফুটবল টুর্নামেন্টত ৰাজ্যক প্ৰতিনিধিত্ব কৰে।

যোগ্যতাৰ মাপদণ্ড:

বাচনি হোৱা ৰাজ্যিক দলে ৰাজ্যক প্ৰতিনিধিত্ব কৰে। ইয়াত কোনো বয়সৰ সীমা নাই। এই টুৰ্ণামেন্টখন সম্পূৰ্ণভাবে নৰ্থ-ইষ্ট কাউন্সিলৰ (এইচি) দ্বাৰা প্ৰযোজনা কৰা হয়।

অধিক তথ্যৰ বাবে:

ৰাজ্যিক স্তৰৰ বাবে-ক্রীড়া আৰু যুৱ কল্যাণ নিৰ্দেশালয়, অসমৰ সৈতে যোগাযোগ কৰক।

 

নেচনেল স্কুল গেমচ

টুর্নামেন্ট সম্পর্কে:

নেচনেল স্কুল গেমচ ভারত যুক্তৰাষ্ট্র ক্রীড়া বিদ্যালয়ৰ (স্কুল গেমচ ফেডাৰেচন অফ ইণ্ডিয়া) দ্বাৰা প্রতি বছৰ অক্টোবৰ -মার্চ মাহত বিভিন্ন অলিম্পিক আৰু নন-অলিম্পিক ক্রীড়া বিভাগত, তিনিটা বয়সৰ ভিত্তিত অর্থাৎ ১৪, ১৭ আৰু ১৯ অনূর্ধ্বৰ ল’ৰা আৰু ছোৱালীৰ অধীনত আয়োজন কৰা হয়।

নির্বাচিত ৰাজ্যিক স্কুল দলে ভাৰতৰ নেচনেল স্কুল গেমচ ফেডাৰেচন অফ নেচনেল স্পোর্টচ কেলেণ্ডাৰ অনুসাৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ নেচনেল স্কুল গেমচত, ৰাজ্যক প্রতিনিধিত্ব কৰে।

দলবোৰ, সম্পূৰ্ণভাবে ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা নির্বাচিত আৰু পৰিচালিত হয়।

যোগ্যতাৰ মানদণ্ড:

বয়সৰ মাপকাঠী – ১৪, ১৭,আৰু ১৯ অনূর্ধ্বৰ ল’ৰা আৰু ছোৱালীৰ বাবে

অধিক তথ্যৰ বাবে:

ৰাজ্যিক স্তৰৰ বাবে -ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত, অসম যোগাযোগ কৰক।

 

খেলো ইণ্ডিয়া টুৰ্ণামেন্ট

খেলো ইণ্ডিয়া, যুৱ পৰিক্রমা ক্রীড়া মন্ত্রনালয়, ক্রীড়া বিভাগ, ভাৰত চৰকাৰৰ অধীনত ২০১৬-১৭ বৰ্ষত এটা নতুন প্ৰকল্প প্ৰতিস্থা কৰা হৈছিল। পূর্বে, এই প্রকল্পটো পঞ্চায়ত যুৱ ক্ৰীড়া আৰু ক্ৰীড়া অভিযান (পিৱাইকেকেএ)আৰু পিছলৈ ৰাজীৱ গান্ধী খেল অভিযান নামে পৰিচিত আছিল। ২০১৬-১৭ বৰ্ষত এই প্রকল্পটো পুনর্নির্মাণ কৰা হৈছিল আৰু খেলো ইণ্ডিয়া নামেৰে নামাকৰণ কৰা হৈছিল।

খেলো ইণ্ডিয়া আঁচনিৰ দুটা ভাগত বিভক্তঃ

(১) খেলো ইণ্ডিয়া: বাৰ্ষিক ক্রীড়া প্ৰতিযোগিতা
(২) খেলো ইণ্ডিয়া: ক্রীড়া আন্তঃ গাঁথনি

খেলো ইণ্ডিয়া ক্রীড়া প্রতিযোগিতা ১৪ আৰু ১৭ বছৰৰ অনূর্ধ্বৰ ল’ৰা আৰু ছোৱালী) ৰাজ্যত পোন প্রথমবাৰৰ বাবে জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পর্যায়ত খেলা হয়। খেলো ইণ্ডিয়া ক্রীড়া প্রতিযোগিতা ৰাজ্যক পর্যায়ত আৰ্চাৰী, এথলেটিকচ, বেডমিন্টন, বক্সিং, খো-খো, টেবুল টেনিচ, টাইকোৱাণ্ডো আৰু ৱেইট লিফ্টিং ক্রীড়া শৃঙ্খলাত ৮ৰ পৰা ১৮ জানুৱাৰী ২০১৭ পর্যন্ত গুৱাহাটীত অনুষ্ঠিত হৈছিল।

অসমে, ২১ ৰ পৰা ২৫ জানুৱাৰী ২০১৭ পর্যন্ত গুৱাহাটীত বক্সিং, টেবুল টেনিচ আৰু ৱেইট লিফটিং শৃংখলাত খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় পর্যায়ত ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰিছিল।

খেলো ইণ্ডিয়াৰ অধীনত ক্রীড়া আন্ত:গাঠনি বিভিন্ন জিলা ক্রীড়া সংস্থাৰ পৰা বিভিন্ন প্রকল্প প্রাপ্ত, আৰু ইয়াৰ অনুমোদনৰ বাবে ক্রীড়া যুৱ বিষয়ক মন্ত্রণালয়, ক্রীড়া বিভাগ, ভাৰত চৰকাৰক জমা দিয়া হৈছে।