অসমীয়া সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদসমূহৰ ভিতৰত এটা উল্লেখনীয় সম্পদ হʼল, অসমীয়া গহনা। ই সাধাৰণতে কেঁচা সোন নামৰ সামগ্ৰীৰে তৈয়াৰ কৰা হয়। এই গহণাসমূহ দেখিবলৈ বৰ ধুনীয়া আৰু অসমীয়া সংস্কৃতিৰ এটা অতি গৌৰৱৰ অংশ। অসমীয়া গহনাৰ অন্তৰ্ভুক্ত জনপ্ৰিয় কেইবিধ মান গহণাৰ ভিতৰত অতি সুন্দৰ কানফুলি লোকাপাৰʼ, কেৰু, থুৰীয়া, জাংফাই, দীঘল কেৰু, চনা বা মাকৰী, বিভিন্ন ধৰণৰ হাৰসমূহৰ ভিতৰত গʼলপতা, সাতসৰী, জোনবিৰি, বেনা, গেজেৰা, ধোলবিৰি, ডুগডুগী, বিৰি মণি, মুকুতা মণি, পোৱাল মণি, শিলিখা মণি আৰু মগৰদানা আৰু বিভিন্ন ধৰণৰ আঙঠিৰ ভিতৰত সেন পটা, হৰিণ চকুৱা, জেঠী নেজীয়া, বাখাৰপটা আদি আৰু অন্যান্য গহণা উল্লেখযোগ্য।

jewelry

নগাওঁৰ ৰণথলীত নির্মাণ কৰা কেতবোৰ পাৰম্পৰিক অসমীয়া গহণা

সাধাৰণতে এই গহণাসমূহ হাতেৰে নিৰ্মাণ হয় আৰু ইয়াৰ ডিজাইন বা ৰূপাঙ্কণ সমূহ এই অঞ্চলটোৰ মহা মূল্যবান গছ-গছনি আৰু জীৱ-জন্তুৰ ৰূপ দৰ্শায়। পৰম্পৰাগত অসমীয়া গহণাসমূহ উকা কিন্তু ইয়াক সজোৱা হয় জিৱাল ৰঙা পাথৰ, ৰুবী বা মিনাৰেৰে। সোনৰ অলংকাৰত কʼলা, ৰঙা আৰু সেউজীয়া ৰং বৰ উজ্জ্বল দেখায় আৰু এই ৰংবোৰ উত্তৰ পূৱ ভাৰতৰ জনজাতিৰ পৰম্পৰাগত সাজ-পোছাকত জিলিকি থাকে।

অসমীয়া গহণা ক্ৰয় কৰিবলগীয়া ঠাই

যদিহে গহণা বা অলঙ্কাৰ আপোনাৰ প্ৰিয় সামগ্ৰীৰ ভিতৰত অন্যতম, তেনেহ'লে পাৰম্পৰিক অসমীয়া গহণা বা অসমীয়া জুৱেলাৰীৰ কিছু সংখ্যক গহণা ক্ৰয় নকৰিলে আপোনাৰ সংগ্ৰহ কেতিয়াওঁ সম্পূৰ্ণ নহ'ব।   

যদিওবা অসমৰ ভিতৰত বা বাহিৰত প্ৰচুৰ এম্পোৰিয়াম আছে,তাৰোপৰি বিভিন্ন ধৰণৰ অসমীয়া গহণাৰ অনলাইন ৱেবছাইটো উপলব্ধ, তথাপিও সেই প্ৰতিষ্ঠান বা ৱেবছাইটবোৰ যে গহণা ক্ৰয় কৰাৰ ক্ষেত্ৰত উপযুক্আত সেইবিষয়ে সন্দেহ নথকা লহয়। সেয়েহে সদায় প্ৰমাণিত পাৰম্পৰিক দোকানৰ পৰা অসমীয়া গহণাৰ সামগ্ৰীবোৰ কিনাৰ বাবে পৰামৰ্শ দিয়া হয়। গুৱাহাটীৰ যিসমূহ ঠাই পাৰম্পৰিক গহনা ক্ৰয়ৰ বাবে সঠিক বুলি বিবেচিত কৰা হৈছে, সেই বিপণন ক্ষেত্ৰসমূহৰ নাম তলত উল্লেখ কৰা হ'ল।

জাংফাই

ঠিকনা: মণিৰাম দেৱান পথ, অভিষেক মটৰচৰ বিপৰীতে, য়ামাহা শ্ব’ৰুমৰ ওচৰত, কৃষ্ণ নগৰ, শিলপুখুৰী, গুৱাহাটী, অসম ৭৮১০০৩

কিংকিণী

ঠিকনা: এচচি কমপ্লেক্স,মণিৰাম দেৱান পথ, কৃষ্ণ নগৰ, শিলপুখুৰী, গুৱাহাটী, অসম ৭৮১০০৩

ডুগডুগী

ঠিকনা: চান্দমাৰী বাছ ষ্টপ, এচবিআই এটিএম আৰু ইণ্ডিয়ান বেংকৰ বিপৰীতে, কৃষ্ণ নগৰ পথ, চান্দমাৰী, গুৱাহাটী, অসম ৭৮১০০৩

মৃগাক্ষীচ

ঠিকনা: প্ৰথম মহলা, ড. বি কে কাকতি পথ, অনিল এনেক্সটে, উলুবাৰী ফ্লাই ওভাৰৰ সমীপত, উলুবাৰী, গুৱাহাটী, অসম ৭৮১০০৭

প্ৰজাপতি

ঠিকনা: পোষ্ট অফিচৰ সমীপত, ইউ এন বেজবৰুৱা পথ, শিলপুখুৰী, গুৱাহাটী, অসম ৭৮১০০৩

গহণা জুৱেলচ প্ৰাইভেট লিমিটেড

ঠিকনা: ড. জে চি দাস ৰোড, লাখটকীয়া, পাণ বজাৰ, গুৱাহাটী, অসম ৭৮১০০১